জোন জ্বলে, তৰা জ্বলে,

নিশা জ্বলে বেদনাতে ।

জোন জ্বলে, তৰা জ্বলে,

নিশা জ্বলে বেদনাতে ।

জানো তুমি আহিবা ঘূৰি

তথাপিতো মনে নেমানে বুজনি ।

জানো তুমি আহিবা ঘূৰি

তথাপিতো মনে নেমানে বুজনি ।

জোন জ্বলে, তৰা জ্বলে,

নিশা জ্বলে বেদনাতে ।

 

জিৰি জিৰি বৈ যোৱা জুৰিৰ দৰে,

হালি জালি নাচি থকা ফুলৰ দৰে ।

জিৰি জিৰি বৈ যোৱা জুৰিৰ দৰে,

হালি জালি নাচি থকা ফুলৰ দৰে ।

তুমি যে আছিলা মোৰ শৰতৰে আকাশত

শেৱালি কোমল এটি জোন হৈ,

মৌ সৰা এটি সুৰ হৈ,

শেৱালি কোমল এটি জোন হৈ,

মৌ সৰা এটি সুৰ হৈ ।

জানো তুমি আহিবা ঘূৰি

তথাপিতো মনে নেমানে বুজনি ।

জানো তুমি আহিবা ঘূৰি

তথাপিতো মনে নেমানে বুজনি ।

জোন জ্বলে, তৰা জ্বলে,

নিশা জ্বলে বেদনাতে ।

 

ৰিণিকি ৰিণিকি শুনা বাঁহীৰ দৰে,

দূৰে দূৰে বৈ থকা নদীৰ দৰে ।

ৰিণিকি ৰিণিকি শুনা বাঁহীৰ দৰে,

দূৰে দূৰে বৈ থকা নদীৰ দৰে ।

তুমি যে থাকিবা মোৰ জীৱনৰে আকাশত

স্মৃতিৰে এমুঠি তৰালি হৈ,

কুঁৱলী সনা গধূলি হৈ ।

স্মৃতিৰে এমুঠি তৰালি হৈ,

কুঁৱলী সনা গধূলি হৈ ।

জানো তুমি আহিবা ঘূৰি

তথাপিতো মনে নেমানে বুজনি ।

জানো তুমি আহিবা ঘূৰি

তথাপিতো মনে নেমানে বুজনি ।

জোন জ্বলে, তৰা জ্বলে,

নিশা জ্বলে বেদনাতে ।

জোন জ্বলে, তৰা জ্বলে,

নিশা জ্বলে বেদনাতে ।

জোন জ্বলে, তৰা জ্বলে,

নিশা জ্বলে বেদনাতে ।